অবৈধ চুলাই মদৰ বিৰূদ্ধে বগীনদী আৰক্ষীৰ অভিযান, কদম গোহাঁই গাঁও, চিয়াজুলি দীৰ্ঘা মাজ গাঁওত অভিযান চলাই উচ্ছেদ কৰিলে কেইবাটাও চুলাই ভাতী, নষ্ট কৰিলে কেইবাশ লিটাৰ অবৈধ দেশী মদ ।

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদম গোহাঁই গাঁও আৰু চিয়াজুলিৰ দীৰ্ঘা মাজ গাঁওত আজি অবৈধ চুলাই মদৰ বিৰূদ্ধে অভিযান চলাই, কেইবাটাও চুলাই ভাতী উচ্ছেদ কৰাৰ লগতে কেইবাশ লিটাৰ অবৈধ দেশী মদ নষ্ট কৰে বগীনদী আৰক্ষীয়ে। বগীনদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ বৰপাত্ৰৰ নেতৃত্বত আৰক্ষীৰ দলে প্ৰথমতে কদম গোহাঁই গাঁৱত অভিযান চলাই, দীৰ্ঘদিনৰ পৰাই অঞ্চলটোত ভাতী স্থাপন কৰি অবৈধ চুলাই মদৰ বেহা চলাই থকা চাৰিটাকৈ চুলাই ভাতী উচ্ছেদ কৰাৰ লগতে চিয়াজুলি অঞ্চলৰ দীৰ্ঘা মাজ গাঁওত অনুৰূপ অভিযান চলাই গাঁৱখনত থকা তিনিটা চুলাই ভাতী উচ্ছেদ কৰি বহু পৰিমাণে চুলাই মদ নষ্ট কৰে ।

Leave a Reply

BP NEWS Live
Logo Monday, 5 October 2026
Login / Register