কলাক্ষেত্ৰত মঞ্চস্থ হ’ল পৰমানন্দ ৰাজবংশীৰ ৰচিত নাটক “ফৰমুদৰ প্ৰেম কাহিনী”

গুৱাহাটীৰ পঞ্জাবাৰীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আজি বিশিষ্ট সাহিত্যিক তথা নাট্যকাৰ ড° পৰমানন্দ ৰাজবংশীৰ দ্বাৰা ৰচিত “ফৰমুদৰ প্ৰেম কাহিনী” নামৰ এখন নাটক সফলতাৰে মঞ্চস্থ হৈ যায়। নাটকখনৰ প্ৰদৰ্শনী উপভোগ কৰিবলৈ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সাংস্কৃতিক অনুষ্ঠানটোত অসমৰ অগ্ৰণী কবি, লেখক, নাট্য পৰিচালক তথা চলচ্চিত্ৰ আৰু থিয়েটাৰ জগতৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰি নাটকখনৰ ভূয়সী প্ৰশংসা কৰে। সাংস্কৃতিক প্ৰেমী ৰাইজৰ বিপুল উপস্থিতিয়ে নাটকখনৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰে।

Leave a Reply

BP NEWS Live
Logo Tuesday, 22 September 2026
Login / Register