সপোন যেতিয়া বাস্তব হয়

আমি প্ৰত্যেকে সৰুৰে পৰা এটা সপোন বুকুত বান্ধি আমাৰ সপোন পূৰণৰ দিশে আগবাঢ়ি গৈ থাকো। সপোন অবিহনে আমাৰ জীৱন লক্ষ্যহীন। আমি প্ৰত্যেকে বুকুত সপোন বান্ধি জীৱনত বাটত আগবাঢ়িব লাগে তেতিয়াহে আমি জীৱনত সফল হব পাৰিম। যিজনৰ জীৱনত কোনো লক্ষ্য নাই যাৰ কোনো সপোন নাই তেওঁ জীৱনত কেতিয়াও সফল হ’ব নোৱাৰে। আমি সপোন দেখিব লাগে আৰু সপোনৰ পিছত দৌৰিলেহে আমি সফলতা অৰ্জন কৰিব পাৰিম। কোনো ব্যক্তি যেতিয়া জীৱনত বিফল হৈ বেকাৰ অনাই বনাই ঘূৰি ফুৰে তেতিয়া ব্যক্তিজনৰ সকলোৱে সমালোচনা কৰে সকলোৱে বদনাম কৰিবলৈ আৰম্ভ কৰে। কিন্তু যেতিয়া সেই ব্যক্তিজনে জীৱনত সফল হ’ব বা সফলতা অর্জন কৰিবলৈ সক্ষম হয় তেতিয়া সমালোচনা কৰা সকলেই প্ৰশংসা কৰিব উৎসা দিবলৈ আহিব, এয়াই হৈছে আজিৰ সমাজ যাৰ কোনো সফলতা নাই তাৰ কোনো মূল্য নাই। সেয়ে আমি জীৱনত সফল হোৱাটো আমাৰ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ। আমি কষ্ট কৰিলে সফলতা এদিন নহয় এদিন আহিবই মাথো আমাৰ হাৰ মানিব নালাগিব।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register