নদুৱাৰৰ পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তত ‘গাঁৱে গাঁৱে যাওঁ বলক – ৰাইজৰ মনৰ কথা বুজো আহক’ শীৰ্ষক অভিযান সম্পন্ন ।

নদুৱাৰ সমষ্টিৰ অন্তৰ্গত পশ্চিম মুঢ়াদল গাঁও পঞ্চায়তৰ হৈ বুধবাৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ আদৰ্শৰে টীম পঞ্চায়ত ৰ উদ্যোগত পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি অজিত পায়েঙৰ নেতৃত্বত চাইকেল চলায় দ্বিতীয় কাৰ্যসূচী উত্তৰ আৰু দক্ষিণ চাৰিপুখুৰী অঞ্চলত গাঁৱে গাঁৱে গৈ ৰাইজৰ লগত বাৰ্তালাপৰ অভিযান সম্পন্ন কৰে । ‘গাঁৱে গাঁৱে যাওঁ বলক – ৰাইজৰ মনৰ কথা বুজো আহক’ শীৰ্ষক শ্লগানৰে পঞ্চায়তৰ সভাপতি গৰাকীৰ লগত একেলগে চাইকেল চলায় সংগ দিয়ে মূঢ়াদল জিলা পৰিষদৰ সদস্য ৰেণুকা দেৱী, আঞ্চলিক সদস্যা ৰশ্নি থাপা, প্ৰাক্তন সভাপতি ৰবিন ভড়ালী, ৱাৰ্ড সদস্য/সদস্যা, দলীয় কৰ্মীসকলৰ লগতে যুৱ সদস্যসকলে । এই অভিযানৰ মূল উদ্দেশ্য হ’ল – ৰাইজৰ সমস্যা, প্ৰয়োজন আৰু আশা-আকাংক্ষাৰ বুজ লোৱা, দুখ-কষ্ট, পানী, ৰাস্তা, চৰকাৰী আঁচনিৰ বিষয়ে সোধা পোছা, পঞ্চায়তৰ আঁচনি, সুবিধা আৰু উন্নয়নমূলক কামৰ বাবে তথ্য দিয়া, ৰাইজৰ লগতে মিলি গাঁওৰ উন্নয়নৰ পথ নিৰ্ধাৰণ কৰাৰ বাবে আলোচনা, সকলোৰে সহযোগিতাত সুন্দৰ, সমৃদ্ধ আৰু শক্তিশালী পঞ্চায়ত গঢ়াৰ লক্ষ্য । ইয়াৰ উপৰিও বয়োজেষ্ঠ লোকসকলক অসমীয়া জাতিৰ স্বাভিমান ফুলাম গামোছা আৰু এটি গছ পুলিৰে উষ্ম সম্বৰ্ধনাও জ্ঞাপন কৰে ।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register