আজি (বগৰীগুৰি উন্নয়ন খণ্ড) উদ্যোগত অনুষ্ঠিত ‘অৰুণোদয় ৩.০’ ৰ বিশেষ কাৰ্যসূচী

আজি (বগৰীগুৰি উন্নয়ন খণ্ড) উদ্যোগত অনুষ্ঠিত ‘অৰুণোদয় ৩.০’ ৰ বিশেষ কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ।
বুনিয়াদী অর্থনীতি সবলীকরণ আৰু ৰাইজক দিয়া প্রতিশ্রুতি পূৰণৰ দিশত অসম চৰকাৰৰ এই পদক্ষেপ সঁচাকৈয়ে প্রশংসনীয়। আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ নেতৃত্বত আজি সমগ্ৰ অসমৰ ৩,৫০০+ স্থানত একে সময়তে এই কাৰ্যসূচী সফলভাৱে ৰূপায়িত হৈছে।
এই আঁচনিৰ অধীনত ২০২৬-২৭ বিত্তীয় বর্ষৰ প্রথম মাহেকীয়া সাহায্য প্রদান কৰা হয়:
🔹 বিশেষ বান সাহায্য: বান প্ৰভাৱিত চাৰিখন জিলাৰ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত প্ৰতিগৰাকী হিতাধিকাৰীলৈ ২,৫০০ টকা।
🔹 অন্যান্য জিলা: ৰাজ্যৰ অন্যান্য জিলাৰ অন্তৰ্ভুক্ত প্ৰতিগৰাকী হিতাধিকাৰীলৈ ১,১০০ টকা।
জনসেৱাৰ এনে এক মহৎ কাৰ্যসূচীৰ অংশ হ’বলৈ পাই মই গৌৰৱান্বিতবোধ কৰিছোঁ। ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিৰ উন্নয়ন নিশ্চিত কৰাৰ বাবে অসম চৰকাৰলৈ আন্তৰিক ধন্যবাদ জনালোঁ।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register