শিৱসাগৰ জিলা বীৰ লাচিত সেনাৰ উদ্যোগত আৰু শিৱসাগৰবাসীৰ সহযোগত বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক ২ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবীত ONGCৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদে আজি উত্তপ্ত ৰূপ ধাৰণ কৰে।
বিগত তিনিদিন ধৰি ONGC পৰিবহণ বিভাগৰ সন্মুখত বানপীড়িত লোকৰ ক্ষতিপূৰণৰ দাবীত অনশন কাৰ্যসূচী পালন কৰি আহিছিল বীৰ লাচিত সেনাই।
তিনিদিনৰ পাছত আজি প্ৰতিবাদী কাৰ্যসূচীয়ে অধিক তীব্ৰ ৰূপ লয়।
আৰক্ষীৰ বাধা অতিক্ৰম কৰি প্ৰতিবাদকাৰীসকলে ONGC পৰিবহণ বিভাগৰ গেট ভাঙি চৌহদত প্ৰৱেশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
পৰিস্থিতিৰ মাজতে প্ৰতিবাদকাৰীসকলে ONGC পৰিবহণ বিভাগৰ প্ৰবন্ধক প্ৰবীণ কুমাৰৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ২ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী উত্থাপন কৰি বীৰ লাচিত সেনাই প্ৰতিবাদ অব্যাহত ৰাখিছে।
