শিৱসাগৰ: দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু গ্ৰেপ্তাৰৰ দাবীত শিৱসাগৰতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জিলা কংগ্ৰেছে।
শিৱসাগৰ ৰাজীৱ ভৱনৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ উলিওৱা হয় এক প্ৰতিবাদী সমদল। সমদলত জিলা কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মী আৰু বিষয়ববীয়াই হাতে হাতে প্লেকাৰ্ড, বেনাৰ লৈ অংশগ্ৰহণ কৰে।
প্ৰতিবাদকাৰীসকলে “জ্ঞানেশ কুমাৰক গ্ৰেপ্তাৰ কৰক”, “নিৰ্বাচন আয়োগ হায় হায়”, “বিজেপি চৰকাৰ হুঁচিয়াৰ” আদি শ্লোগানেৰে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদী সমদলৰ মাজতে দৌলমুখ চাৰিআলিত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ প্ৰতিকৃতি দাহ কৰে কংগ্ৰেছ কৰ্মীসকলে।
ইফালে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ কৰ্মীসকলেও অংশগ্ৰহণ কৰে।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দেশৰ গণতান্ত্ৰিক ব্যৱস্থা বৰ্তমান সংকটৰ গৰাহত পৰিবলৈ ধৰিছে বুলি অভিযোগ উত্থাপন কৰে। নিৰ্বাচনী ব্যৱস্থাৰ স্বচ্ছতা আৰু গণতান্ত্ৰিক মূল্যবোধ সুৰক্ষিত কৰাৰ দাবীও উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।
