আজিৰেপৰা লখিমপুৰত সাতদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সেৱা সংকল্প অভিযান ২০২৬ ।

আজিৰেপৰা লখিমপুৰ জিলাত আৰম্ভ হ ল সেৱা সংকল্প অভিযান। মুলতঃ ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাবে প্ৰদান কৰা বিভিন্ন চৰকাৰী আঁচনি আৰু জনকল্যাণমুলক সেৱাসমুহৰ সুফল সমাজৰ প্ৰতিটো স্তৰৰ জনতাৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহন সেৱা সংকল্প অভিযান ২০২৬ ৰ উদ্ধোধনী অনুষ্ঠান আজি অনুষ্ঠিত হয়, বগীনদীৰ, বগীনদী উন্নয়ন খণ্ডৰ কাৰ্যলয় চৌহদত । ১ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ চলিবলগীয়া এই অভিযানৰ মূল উদ্দেশ্য হৈছে সৰ্বসাধাৰণ ৰাইজৰ বাবে চৰকাৰী সুবিধা সহজ কৰি তোলা, আৰ্থিক অন্তৰ্ভূক্তি নিশ্চিত কৰি তোলা আৰু সামাজিক সুৰক্ষাৰ বিভিন্ন আঁচনিৰ সুবিধা তৃণমুল পৰ্যায়ৰ জনসাধাৰণৰ মাজলৈ সম্প্ৰসাৰণ কৰা। এই উদ্দেশ্যেতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই অভিযানৰ অংশ হিচাপে বগীনদী উন্নয়ন খণ্ডৰ কাৰ্যলয়ৰ চৌহদত, ৰাজ্য চৰকাৰৰ স্বাস্থ্য, কৃষি, শিক্ষা , ৰাজহ কে ধৰি সকলোবোৰ চৰকাৰী দপ্তৰৰ লগতে ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাবে আগবঢ়োৱা, আৱাস গৃহ, অৰুণোদই আঁচনি কে ধৰি অন্যান্য সুবিধা প্ৰদান কৰা বিভাগসমুহক, একেলগে, একেখন শিবিৰৰ তলত ৰাখি, ৰাইজক সুবিধা প্ৰদান কৰা এই অভিযানৰ শুভাৰম্ভ কৰে। এই উপলক্ষতে উন্নয়ন খণ্ড কাৰ্যলয়ৰ চৌহদত এখন উদ্ধোধনী অনুষ্ঠান সম্পন্ন হয়। বগীনদী উন্নয়ন খণ্ডৰ, উন্নয়ন বিষয়া বিশ্বজিৎ দে, আঁত ধৰা উদ্ধোধনী অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে মুখ্য কাৰ্যবাহী বিষয়া জিতু কুমাৰ বৰা, ই। অনুষ্ঠানত লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ হৈ প্ৰতিনিধি হৈ অংশগ্ৰহণ কৰে ৰঙানদীৰ বিধায়ক ঋষিৰাজ হাজৰিকা, ই । মুখ্য অতিথি হিচাবে অনুষ্ঠানত উপস্থিত হৈ প্ৰদান কৰা ভাষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপিৰ চৰকাৰে জনসাধাৰণৰ সুবিধাৰ্থে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ বিপৰীতে নাম নোলোৱাকৈ বিৰোধী কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয়।

Leave a Reply

BP NEWS Live
Logo Monday, 5 October 2026
Login / Register