নাজিৰালৈ আহিল ‘ফেমিলি মেকআপ বজাৰ’

Oplus_16908288

নাজিৰালৈ আহিল ‘ফেমিলি মেকআপ বজাৰ’

১০ টকাৰ পৰা ২৫০ টকালৈকে উপলব্ধ বিভিন্ন সামগ্ৰী, ১৫ অক্টোবৰলৈ চলিব বজাৰ

 

নাজিৰাত আজি আৰম্ভ হৈছে ‘ফেমিলি মেকআপ বজাৰ’। মুম্বাইৰ পৰা অহা ব্যৱসায়ীসকলে নাজিৰা M C club ত এই বিশেষ বজাৰখনৰ আয়োজন কৰিছে। বজাৰখনত দৈনন্দিন ব্যৱহাৰৰ লগতে বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী অতি সুলভ মূল্যত ক্ৰয় কৰিব পাৰিব।

 

‘ফেমিলি মেকআপ বজাৰ’ত ১০ টকা, ২০ টকাৰ পৰা আৰম্ভ কৰি সৰ্বাধিক ২৫০ টকালৈকে বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে। কম মূল্যত বিভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব গ্ৰাহকসকলে।

 

আয়োজকসকলে জনোৱা অনুসৰি, নাজিৰাত আজি অৰ্থাৎ ৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই বজাৰখন অহা ১৫ অক্টোবৰলৈ চলিব। নাজিৰা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ৰাইজক বজাৰখনলৈ আহি উপলব্ধ সামগ্ৰীসমূহ ক্ৰয় কৰাৰ বাবে আয়োজকসকলে আহ্বান জনাইছে।

 

সুলভ মূল্যত বিভিন্ন সামগ্ৰী লাভ কৰাৰ সুবিধা থকাৰ বাবে ‘ফেমিলি মেকআপ বজাৰ’খনত ৰাইজৰ সমাগমৰ আশা কৰা হৈছে।

Leave a Reply

BP NEWS Live
Logo Monday, 5 October 2026
Login / Register