আলোপতি PHC চকত ‘এম ডিজিটেল প্ৰিণ্টিং’ নামৰ দোকান শুভাৰম্ভ

নগৰবেৰাৰ পৰা ইমনুল হাচানৰ প্ৰতিবেদন:- বৰপেটা জিলাৰ নৱগঠিত চেঙা সমষ্টিৰ অন্তৰ্গত আলোপতি PHC চকত অলপতে নতুনকৈ শুভাৰম্ভ কৰা হৈছে “এম ডিজিটেল প্ৰিণ্টিং” নামৰ এক নতুন ব্যৱসায়িক প্ৰতিষ্ঠান। উক্ত ডিজিটেল প্ৰিণ্টিংৰ দোকানত পেপাৰ প্ৰিণ্টিং সেৱাৰ লগতে ক্ৰীড়া প্ৰেমীসকলৰ বাবে বিভিন্ন ধৰণৰ খেল-ধেমালীৰ সামগ্ৰী, বিবাহ অনুষ্ঠানৰ সামগ্ৰী লগতে বিভিন্ন ধৰণৰ সা সামগ্ৰী পোৱাৰ লগতে উক্ত দোকানত খেলৰ সামগ্ৰীসমূহ মূল্যত যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।
​স্থানীয় ক্ৰীড়াপ্ৰেমী তথা যুৱক-যুৱতীসকলৰ বাবে খেল-ধেমালীৰ সামগ্ৰীসমূহ সহজেই উপলব্ধ হোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে এম ডিজিটেল প্ৰিণ্টিংৰ সত্বাধিকাৰী আবু মোতালেব ক আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

Leave a Reply

BP NEWS Live
Logo Tuesday, 29 September 2026
Login / Register