বঙাইগাঁও জিলাৰ বইটামাৰীস্থিত তালগুৰী নিত্যবজাৰত আৰক্ষীয়ে এক অভিযান চলাই ২৬টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, অভয়াপুৰী আৰক্ষী বিষয়া মৃণ্ময় তামূলীৰ নেতৃত্বত আৰু ‘RFT Lower Assam Bongaigaon’ৰ সহযোগত এই গোপন অভিযান চলোৱা হৈছিল। অভিযানকালত ২৬টা ড্ৰাগছভৰ্তি প্লাষ্টিক কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক হাততে-লোটে গ্ৰেপ্তাৰ কৰা হয়।
আটকাধীন যুৱকজন ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত হাতীপোতা গাঁৱৰ আব্দুল ছালামৰ পুত্ৰ সহিদুল ইছলাম (২৫) বুলি চিনাক্ত কৰা হৈছে। সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
