বৰপেটা জিলাৰ চেঙা সমষ্টিৰ খোলাবান্ধাত চান্দু মিয়া মেম’ৰিয়েল ক্লাব এণ্ড লাইব্ৰেৰীৰ আধাৰশিলা স্থাপন কৰা হয়। পাঠিমাৰী এম.ই. স্কুলৰ প্ৰধান শিক্ষক ৰহম মণ্ডলে ৰঙা ফিতা কাটি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। চান্দু মিয়া মেমেৰিয়েল ক্লাব এণ্ড লাইব্ৰেৰী সভাপতি জাহাঙ্গীৰ আলম,আৰু সম্পাদক আব্দুল হকৰ লগতে উপদেষ্টা জামাল উদ্দীন, মজিবৰ ৰহমান, মাফেজ উদ্দিন আৰু ফকৰ উদ্দিন উপস্থিত থাকে। লগতে ক্লাৱৰ বিষয়ভবিয়া সদস্য, লগতে শ শ ৰাইজ উপস্থিত থাকে। ইয়াৰ উপৰি, অনুষ্ঠানত উপস্থিত থকা ব্যক্তিসকলক চান্দু মিয়া মেম’ৰিয়েল ক্লাব এণ্ড লাইব্ৰেৰীৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। প্ৰয়াত চান্দু মিয়াৰ পত্নী আনোৱাৰা খাতুনৰ আৱেগিক ভাষণে উপস্থিত লোকসকলৰ মাজত এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে।
চেঙাৰ খোলাবান্ধাত চান্দু মিয়া মেমৰিয়েল ক্লাৱ এণ্ড লাইব্ৰেৰীৰ আধাৰশিলা স্থাপন
