মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কৰকমলেৰে ৰাজ্যজুৰি শুভাৰম্ভ হোৱা জনকল্যাণমূলক ‘অৰুণোদয় ৩.০’ আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানৰ অংশ হিচাপে আজি পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণপাট গাঁও পঞ্চায়তত উপস্থিত থাকোঁ৷
আৰ্থিকভাৱে অস্বচ্ছল পৰিয়ালৰ আই-মাতৃসকলৰ মুখত হাঁহি বিৰিঙাই, তেখেতসকলক অধিক স্বাৱলম্বী আৰু সশক্ত কৰি তোলাৰ লক্ষ্যৰে ৰূপায়িত এই আঁচনিৰ অধীনত ৰাজ্যৰ আইমাতৃ সকলে ১,১০০ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব। একে সময়তে, শেহতীয়া বানপৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ বানপীড়িত আই-মাতৃসকলক ২,৫০০ টকাকৈ আৰ্থিক সহযোগিতা আগবঢ়োৱা হ’ব ।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত ৰূপায়িত এই জনকল্যাণমূলক আঁচনিয়ে ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ আৰ্থিক সুৰক্ষা আৰু নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি মোৰ দৃঢ়বিশ্বাস।
এই অনুষ্ঠানত ৰহা সম জিলা আয়ুক্তা ড° অংকিতা বৰা পাখিমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভাগ্যশ্ৰী ডেকা, দক্ষিণপাট গাঁও পঞ্চায়তৰ সভানেত্ৰী অণিমা দাস লগতে ৱাৰ্ড সদস্যসকল উপস্থিত থাকে ৷
