জৰাজীৰ্ণ দলঙে জ্বলা-কলা খুৱাইছে ৰাইজকঃ পকী দলং নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰঃ

বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ১নং বাশবাৰীত জৰাজীৰ্ণ দলঙে জিয়াতু ভোগাইছে স্থানীয় ৰাইজ, ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীক। যোৱা কেইবাটাওঁ বছৰ ধৰি বাঁহৰ দলঙেৰে যাতায়ত অব্যাহত আছে সেয়া বৰ্তমান যাতায়তৰ যোগ্য হৈ থকা নাই। অতিকৈ জৰাজীৰ্ণ হোৱা বাবে দলঙ খনেৰে শ শ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে হাজাৰ হাজাৰ পথচাৰীয়ে প্ৰতিদিনে যাতায়ত কৰাত ব্যাঘাত জন্মিছে। অতিকৈ কৃষি প্ৰধান অঞ্চলটোৰ কৃষক সকলে উৎপাদিত শাক পাচলি বজাৰত নিয়াতো চৰম সমস্যা ভোগ কৰিব লগা হৈছে। উল্লেখনীয় কথা হল যে দলং খনৰ এটা পাৰত গো মাঠ আছে। প্ৰৱল বান আৰু বৰষুণৰ বাবে চাৰিওদিশে পানীয়ে পথাৰ বুঢ়াই পেলাইছিল, তেনে অৱস্থাত এটা পাৰৰ মানুহে গো মাঠত গৰু নিব পৰা নাই একমাত্ৰ জৰাজীৰ্ণ দলং খনৰ বাবে। সেয়ে চৰকাৰে যিহেতু গ মাতাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিছে সেইবাবে গৰু, ছাত্ৰ ছাত্ৰী, ক্ষুদ্ৰ ব্যৱসায়ী সকলোৰ প্ৰতি লক্ষ ৰাখি ঠাই খনত এখন পকী দলং নিৰ্মাণ কৰি দিয়াৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register