নৱগঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত মালিবাৰী বজাৰৰ পৰা ডেকাচাং লৈ যোৱা ৰাস্তাৰ পাৰাপাৰৰ একমাত্ৰ ভৰসা টুলুঙা নাওঁ

টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা কণ কণ ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজ মালিবাৰী বজাৰৰ পৰা ডেকাচাং লৈ যোৱা ৰাস্তাৰ পাৰাপাৰৰ একমাত্ৰ ভৰসা এতিয়া টুলুঙা নাওঁ,বিজেপি চৰকাৰ গঠন হ’ল যদিও ৰাজ্যৰ ৰাস্তা, ঘাট, দলং, মাথাউৰী আদিৰ একো পৰিবৰ্তন নহল। এখন ৰাস্তাৰ বাবে দুৰ্ভোগ ভূগিবলগীয়া হৈছে ছমৰীয়া সমষ্টিৰ অন্তৰ্গত মালিবাৰী অঞ্চলৰ ৰাইজ বছৰ বছৰ ধৰি এখন টুলুঙা নাৱেৰে বিপদসংকুল ভাবে পাৰাপাৰ হৈ আছে অঞ্চলটোৰ হাজাৰ হাজাৰ লোককে ধৰি কণ কণ ছাত্ৰ ছাত্ৰী। এখন ৰাস্তা নথকাৰ বাবেই বাৰিষাৰ সময়ত যমৰ যাতনা ভোগ কৰি আহিব লগীয়া হৈছে কণ কণ ছাত্ৰ ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজসকল। অঞ্চলটোৰ ৰাইজে ইমানেই দুৰ্ভোগ ভুগিব লগীয়া হৈছে যে ৰোগী তথা প্ৰসুতি সকলক চিকিৎসালয়লৈ নিবৰ বাবে এম্বুলেন্স অহাটো দূৰৰে কথা, এখন চাইকেল বা ঠেলাৰেও পাৰ কৰাব নোৱাৰি। বৰ্তমান টুলুঙা নাওঁৰে যাতায়াত অব্যাহত ৰাখিছে।
ভুক্তভোগী ৰাইজে অতি সোনকালে মালিবাৰী বজাৰৰ পৰা ডেকাচাং লৈ যোৱা ৰাস্তাটো নিৰ্মান কৰি ৰাইজৰ যাতায়তৰ সুবিধা কৰি দিবলৈ অসম চৰকাৰ তথা স্থানীয় বিধায়কক দাবী জনাইছে মালিবাৰী অঞ্চলৰ ৰাইজে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register