লখিমপুৰৰ চিয়াজুলিত পথৰ দাঁতিত বজাৰ বহোৱাই ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ একাংশ লোকৰ।
বগীনদী উন্নয়ন খণ্ড তথা কদম ৰাজহ চক্ৰৰ অন্তৰ্গত চিয়াজুলি চাহ বাগিছাৰ মাজেদি যোৱা লোকনিৰ্মান বিভাগৰ পথৰ দাঁতিত অবৈধভাৱে বজাৰ বহোৱাই বজাৰখনৰ ব্যৱসায়ীৰ পৰা দীৰ্ঘদিন ধৰি ধন সংগ্ৰহ কৰি আহিছে চাহ বাগিছাৰ একাংশ শ্ৰমিক নেতাই।
উল্লেখ্য যে, চিয়াজুলি পঞ্চায়তৰ অন্তৰ্গত, জানুৱাৰী মাহত সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় প্ৰশাসনৰ অনুমতি নোলোৱাকৈ শুকুৰবৰীয়া সাপ্তাহিক বজাৰ বহোৱাই ব্যৱসায়ী সকলৰ পৰা জোৰ জবৰদস্তি লেচীৰ নামত ব্যাপক হাৰত ধন সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ অভিযোগ কৰিছে ব্যৱসায়ী সকলে। এই সন্দৰ্ভত ব্যৱসায়ী তথা স্থানীয় ৰাইজে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক অভিযোগ কৰাৰ পিছতো বজাৰখন চৰকাৰী ভাৱে আৱল্টন দিয়াৰ কোনো ব্যৱস্থা আজিলৈকে নললে। আনহাতে এখন ব্যস্ত পথৰ একেবাৰে দাঁতিত থকা বজাৰখনৰ বাবে সৃষ্টি হোৱা যানজঁটৰ ফলত পথটোৰে যাতায়ত কৰা পথচাৰী সকল ব্যাপক অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে।
লখিমপুৰৰ চিয়াজুলিত লোকনিৰ্মান বিভাগৰ পথৰ দাঁতিত বজাৰ বহোৱাই ধন সংগ্ৰহ একাংশ লোকৰ।
