লখিমপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আজি কৃষক সকলক পোনপটীয়াকৈ চৰকাৰী ভাৱে ৰাসায়নিক সাৰ বিক্ৰীৰ বাবে ধনৰ লেনদেনৰ বাবে প্ৰয়োজনীয় কিউ আৰ কোড আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। লখিমপুৰ জিলা আয়ুক্ত কাৰ্যলয়ৰ অনুষ্ঠিত হোৱা এই অনুষ্ঠানত, উপস্থিত কৃষকসকলৰ কিউ আৰ কোড সমুহ আনুষ্ঠানিক ভাৱে অনুমোদন জনাই, ইয়াৰ উদ্ধোধন কৰে অতিৰিক্ত জিলা আয়ুক্ত (কৃষি) মাধুৰ্য বুঢ়াগোহাঁইয়ে। উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ কৃষি বিভাগে ৰাজ্যৰ পঞ্জীকৃত কৃষকসকলক পোনপটীয়াকৈ সুলভ মূল্যত ৰাসায়নিক সাৰ বিক্ৰীৰ ব্যৱস্থা কৰিছে। আগষ্ট মাহৰ পৰা আৰম্ভ হবলগীয়া এই ব্যৱস্থাৰ সফল ৰূপায়নৰ বাবে আজি লখিমপুৰ জিলাৰ কৃষি পঞ্জীয়ন কৰা কৃষকসকলক লৈ উদ্ধোধনী অনুষ্ঠানৰ আয়োজন কৰি কৃষকসকলৰ কিউ আৰ কোড, ক অনুমোদন জনায়। এই কাৰ্যসূচীত লখিমপুৰ জিলা কৃষি বিভাগৰ, মহকুমা কৃষি বিষয়া প্ৰণৱজ্যোতি হাজৰিকা আৰু দুগৰাকী কৃষি উন্নয়ন বিষয়া ক্ৰমে হিমাশ্ৰী দত্ত আৰু চিৰঞ্জীৱ সোনোৱাল উপস্থিত থাকে ।
লখিমপুৰ জিলা কৃষি বিভাগৰ সুলভ মূল্যত কৃষকসকলক ৰাসায়নিক সাৰ বিক্ৰীৰ বাবে কিউ আৰ কোড আনুষ্ঠানিক ভাৱে মুকলি।
