শিৱসাগৰ জিলাত সৃষ্টি হোৱা বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব হিন্দু মহাসংঘ, শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত জিলাখনৰ অন্তৰ্গত ভিতৰুৱা বানাক্ৰান্ত গাঁওসমূহত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। এই সাহায্য অভিযানৰ জৰিয়তে বানপীড়িত পৰিয়ালসমূহৰ মাজত খাদ্য সামগ্ৰী, দৈনন্দিন ব্যৱহাৰৰ অত্যাৱশ্যকীয় সামগ্ৰী আদি বিতৰণ কৰি তেওঁলোকৰ কাষত থিয় দিয়া হয়।
এই কাৰ্যসূচীত বিশ্ব হিন্দু মহাসংঘ, শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিজয় কুমাৰ দাস, সম্পাদক সঞ্জয় মাহাতুৰ লগতে সংগঠনটোৰ আন বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকি বানপীড়িত লোকসকলৰ হাতত সাহায্য সামগ্ৰী বিতৰণ কৰে।
বিশ্ব হিন্দু মহাসংঘই আগন্তুক সময়তো দুৰ্যোগপীড়িত লোকসকলৰ সহায়ৰ বাবে সদায় আগবাঢ়ি অহাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।
