বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টি তথা নতুনকৈ নামাকৰণ কৰা ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত শৌলমাৰী, নাম্বাৰপাৰা, গোলাপাৰা, বাংলাপাৰাকে আদি কৰি মানাহ নৈৰ দাঁতিত কাষৰীয়া ৰাইজৰ প্ৰতি বছৰে বান আৰু গৰাখহনীয়াৰ ফলত বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হৈ আহিছে। প্ৰতি বছৰে উক্ত অঞ্চল সমূহৰ পৰা কমেওঁ পঞ্চাশ পৰা সত্তৰ বিঘা কৈ কৃষি ভূমিৰ লগতে শতাধিক ঘৰ বাৰী নৈৰ বুকুত জাহ যায়। ৰাইজে আজি আমাৰ আগত প্ৰকাশ কৰে যে প্ৰতি বছৰে নিৰ্বাচনৰ সময়ত আহি ৰাইজক গৰাখহনীয়া প্ৰতিৰোধৰ আশ্বাস দিয়ে যদিওঁ নিৰ্বাচনত জয়ী হোৱাৰ পিছত কোনো ধৰণৰ খবৰ নাৰাখে। ইফালে বাৰিষাৰ সময়ত ৰাইজৰ কাষত আহি জনায় যে চৰকাৰক জনাইছো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে। এনে দৰে নেতা সকল প্ৰতিবছৰে নিৰ্বাচনৰ প্ৰাকক্ষণত ভাষণ দি ৰাইজৰ ভোট আদায় কৰে আৰু জয়ী হোৱাৰ পিছত নিখোজ হয়। সমাগত বাৰিষা যাৰ বাবে শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ।প্ৰতি বছৰৰ দৰে এইবেলিও যেন একে অৱস্থা হব ৰাইজৰ। প্ৰাক্তন বিধায়ক আব্দুল বাতিন খন্দকাৰে জয়ী হোৱাৰ ছয় মাহ পিছতেই গৰাখহনীয়া ৰোধৰ বাবে যাবতীয় কাম আৰম্ভ কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিওঁ সেই মতে কামৰ ফলা ফল শূণ্য বুলিলেওঁ যেন বঢ়াই কোৱা নহব বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰে। ইফালে মানাহ নৈৰ ওপৰত থকা উনৈশ কোটি টকীয়া দলঙৰ প্ৰতি ভাবুকি আহি পৰিছে। উক্ত স্থানত অৰ্থাৎ গোলাপাৰাত মানাহ নৈৰ এচপৰা গৰাৰ ওপৰত নতুন কৈ নিৰ্মাণ কৰা হৈছে এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ। একেদৰে নৈ খনৰ ওপৰত নাম্বাৰপাৰাত থকা কাঠৰ দলং খনৰ প্ৰতিওঁ আহিছে ভাবুকি। নাম্বাৰপাৰা বজাৰ খন বৰ্তমান মানাহ নৈৰ ভাবুকিৰ সন্মুখীন হৈছে। বানৰ সময়ত যিকোনো মূহুৰ্ততে উঠি যাব পাৰে বজাৰ খন, যাৰ বাবে স্থানীয় বিধায়ক নুৰুল ইছলামক সমস্যাটোৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰাৰ বাবে সচেতন মহলে আহ্বান জনায়। যিমানেই বাৰিষা চমু চাপি আহিছে সিমানেই চকুলো নিগৰিছে মানাহৰ দাঁতিকাষৰীয়া পৰিয়ালৰ। বিগত দিনত সমষ্টি খনত বানপানীৰ সময়ত সৃষ্টি হোৱা গৰাখহনীয়া আৰু খৰালিত সৃষ্টি হোৱা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে পৰ্যাপ্ত ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছে স্থানীয় জনপ্ৰতিনিধি সকলে। গৰাখহনীয়াৰ কৱলত পৰি সৰ্বস্ব হেৰুৱাই পেলাইছে বহু পৰিয়ালে। কাৰোবাৰ একমাত্ৰ ভেটি টোও নৈৰ কৰাল গ্ৰাসত পৰিছে। সেয়ে স্থানীয় ৰাইজে চৰকাৰ তথা জনপ্ৰতিনিধি আৰু সংশ্লিষ্ট বিভাগক অনতি পলমে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনায় সংবাদ মাধ্যমৰ জড়িয়তে। এতিয়া কথা হল যে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলে তথা সমষ্টি খনৰ বিধায়ক নুৰুল ইছলাম কেনেদৰে গুৰুত্ব প্ৰদান কৰে সেয়া সময়ত লক্ষণীয় হব ।
বানৰ পূৰ্বেই চিন্তিত শৌলমাৰী, নাম্বাৰপাৰাৰ, গোলাপাৰাৰ ৰাইজ ।
