প্ৰশাসনৰ আৰু কমলপুৰ ৰাজহ চক্ৰৰ উদ্যোগত অনুষ্ঠিত হ’ব উত্তৰাধিকাৰী সূত্ৰে নামজাৰি শিবিৰ। ৩১ জুলাই আৰু ১ আগষ্ট কমলপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া শিবিৰত দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ এই সুবিধা লাভ কৰিব কমলপুৰ ৰাজহ চক্ৰ এলেকাৰ মাটিৰ গৰাকীয়ে। উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিলে ভূমিৰ ৰাজহ আদায় দিয়া ৰচিদ, গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ, ই-ষ্টাম্প ক্ৰয় আৰু অনলাইন আবেদনৰ মাচুল দি আবেদন কৰিব পাৰিব উত্তৰাধিকাৰী সূত্ৰে নামজাৰিৰ বাবে। বহু বছৰ ধৰি উত্তৰাধিকাৰী সূত্ৰে নামজাৰিৰ সমস্যাত ভুগি থকা গাঁওবাসীসকলে বাবে বিধায়ক দিগন্ত কলিতা আৰু কমলপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰিছে বহুতে।
কমলপুৰত উত্তৰাধিকাৰী সূত্ৰে নামজাৰি শিবিৰ।
