মুখ্যমন্ত্ৰীৰ বান সাহাৰ্য্য পূঁজিলৈ ৫০ হাজাৰ টকাৰ অনুদান লখিমপুৰ চিয়াজুলি বাগান গাঁৱৰ বিউটি মুনমী মহন্তৰ।

শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত লোকসকলক নিৰাপদ স্থানলৈ উদ্ধাৰ কৰি পৰ্যাপ্ত হাৰত তেওঁলোকক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে চৰকাৰী সাহায্য পুঁজিত দান-বৰঙণি আগবঢ়াবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই অসমবাসীক যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই লখিমপুৰ জিলাৰ চিয়াজুলি বাগান গাঁও নিৱাসী তথা ‘ভৱিষ্য অসীমৰাজ ভেঞ্চাৰ অ’ পি চি প্ৰাইভেট লিমিটেড’ নামৰ সংস্থাটোৰ স্বত্বাধিকাৰী বিউতি মুনমী মহন্তই কালি জিলা আয়ুক্তৰ জৰিয়তে ৫০ হেজাৰ টকাৰ বৰঙণি আগবঢ়ায়। উল্লেখ্য যে, ইয়াৰোপৰি আজি মহিলাগৰাকীয়ে নিজে গৈ শিৱসাগৰ জিলাৰ অতি দূৰ্গম অঞ্চলৰূপে পৰিচিত খুটৰাহাবি আৰু পানবেচাৰ ৩৫০ টা বন‍্যাৰ্ত পৰিয়ালৰ মাজত খাদ্য-সামগ্ৰীৰ লগতে বিভিন্ন নিত্য ব্যৱহাৰ্য সামগ্ৰী বিতৰণ কৰে। মহিলাগৰাকীৰ স্বামী মাধৱ শইকীয়াই লখিমপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ৩৮০ নং বাঁহবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register