লেপেটকটা জ্ঞানজ্যোতি সংঘৰ উদ্যোগত লেপেটকটা ৰাজহুৱা খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে কৰম সন্মিলন। কৰম উৎসৱৰ পৰম্পৰা, সংস্কৃতি আৰু ঐতিহ্যক উদযাপনৰ উদ্দেশ্যে আয়োজন কৰা সন্মিলনখনক লৈ অঞ্চলটোত উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে।
সন্মিলনৰ শনিবাৰে অন্তিম দিনা অনুষ্ঠিত হ’ব বিশেষ সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ভাতৃ অৰুণ গাৰ্গে। লগতে অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীয়ে সংগীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তুলিব।
কৰম সন্মিলনক কেন্দ্ৰ কৰি ইতিমধ্যে লেপেটকটা অঞ্চলত ব্যাপক প্ৰস্তুতি চলিছে। সাংস্কৃতিক অনুষ্ঠানত ৰাইজৰ ব্যাপক সমাগমৰ আশা কৰিছে আয়োজকসকলে।
