দুলীয়াজানত আটাছুৰ দাবী সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক

টাই আহোম ছাত্ৰ সন্থা (আটাছু) ডিব্ৰুগড় জিলা সমিতিয়ে দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা পথ নিৰ্মাণ আৰু অন্যান্য সমস্যাসমূহক লৈ আজি দুলীয়াজান সহ-জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়।

টেঙাখাট ৰাজহ চক্ৰ বিষয়া মামন সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত অইল ইণ্ডিয়া লিমিটেডৰ জনসম্পৰ্ক বিভাগ, চিভিল বিভাগ আৰু PWD বিভাগৰ বিষয়ববীয়াৰ লগতে আটাছুৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

বৈঠকত আটাছুৱে টিপলিঙৰ পৰা ৰে’লৱে ষ্টেচনলৈ মূল পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰা, পথৰ দুয়োকাষৰ পদপথ সাধাৰণ ৰাইজৰ বাবে সুচল কৰি তোলা, পথৰ সৌন্দৰ্যবৰ্ধন আৰু উন্নত মানৰ ষ্ট্ৰীট লাইট স্থাপনৰ দাবী উত্থাপন কৰে।

ইয়াৰ উপৰি অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ চৌপাশৰ দুলীয়া গাঁও, হুকুটা, বিষ্ণু নগৰ, কুমুদ নগৰ, আনন্দপাৰা, নয়াপাৰা, সোণাপুৰ, ইন্দ্ৰপুৰী, এন চি গাঁও, ডাকঘৰ পথ, বিজুলীবাৰী, বাম শুকুটা, বুদ্ধ মন্দিৰ, কমলাবাৰী, মাষ্টাৰপাৰা আৰু থাপাবস্তি আদি অঞ্চলৰ মূল পথসমূহ নিৰ্মাণৰ দাবীও উত্থাপন কৰে সংগঠনটোৱে।

আটাছুৱে মূল পথৰ মাজত থকা বিদ্যুতৰ খুঁটাসমূহ আঁতৰোৱা আৰু পথৰ ওপৰত বিশৃংখলভাৱে ৰখাই থোৱা গধুৰ যান-বাহনৰ বাবে বিকল্প পাৰ্কিং ব্যৱস্থা কৰাৰ দাবীও জনায়।

আজিৰ বৈঠকত অইল ইণ্ডিয়া লিমিটেডে আশ্বাস প্ৰদান কৰে যে অসম সাহিত্য সভাৰ দুলীয়াজান অধিৱেশনৰ পূৰ্বেই আটাছুৱে উত্থাপন কৰা পথসমূহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লগতে অন্যান্য সমস্যাসমূহো তাৎক্ষণিকভাৱে সমাধানৰ ব্যৱস্থা কৰা হ’ব।

বৈঠকত আটাছু ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰূপম গগৈ, দুলীয়াজান আঞ্চলিকৰ সভাপতি অৰূপ ফুকন, ভাদৈ আৰু বাকুলনী আঞ্চলিকৰ সভাপতি-সম্পাদকৰ লগতে দুলীয়াজান নগৰ শাখা সমিতিৰ সভাপতি-সম্পাদক উপস্থিত থাকে।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register