ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত এখন সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক কাৰ্যসূচী, নতুন পাঠ্যক্ৰম, নামভৰ্তি প্ৰক্ৰিয়া আৰু বিভিন্ন সুবিধা সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক প্ৰণৱ শইকীয়াই।
পঞ্জীয়কগৰাকীয়ে জানিবলৈ দিয়ে যে বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত মুঠ ৭২টা পাঠ্যক্ৰম উপলব্ধ আছে। শিক্ষাৰ্থীৰ চাহিদা আৰু সময়ৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়খনত কেইবাটাও নতুন পাঠ্যক্ৰম সংযোজন কৰা হৈছে। ইয়াৰ ভিতৰত M.Sc. Physics, M.Sc. Chemistry, M.A. Yoga আৰু Artificial Intelligence (AI) আদি উল্লেখযোগ্য।
মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে কৰ্মৰত ব্যক্তি, উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হোৱা শিক্ষাৰ্থী তথা বিভিন্ন কাৰণত নিয়মীয়া শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব নোৱাৰা লোকসকলেও নিজৰ সুবিধা অনুসৰি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে।
সংবাদমেলত পঞ্জীয়কগৰাকীয়ে লগতে কয় যে দিব্যাংগ শিক্ষাৰ্থী আৰু কাৰাগাৰৰ আৱাসীসকলৰ বাবে বিনামূলীয়া শিক্ষাৰ সুবিধা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি তেওঁলোকৰ বাবে বৃত্তিৰ ব্যৱস্থাও কৰা হৈছে বুলি উল্লেখ কৰে।
বিশ্ববিদ্যালয়খনৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰক্ৰিয়া চলি থকাৰ লগতে ৩০ ছেপ্টেম্বৰ নামভৰ্তিৰ অন্তিম দিন বুলি সংবাদমেলত স্পষ্ট কৰি দিয়ে পঞ্জীয়কগৰাকীয়ে। উচ্চ শিক্ষা অধিক সুলভ আৰু সহজলভ্য কৰাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও সংবাদমেলত আলোকপাত কৰা হয়।
