মাটিয়াত মামুন মেমৰিয়েল হস্পিটেল এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ গ্ৰেণ্ড অপেনিং

গোৱালপাৰা জিলাৰ মাটিয়া ব্লকৰ অন্তৰ্গত মাটিয়া থানা বজাৰত শুভ উদ্বোধন কৰা হয় ‘মামুন মেমৰিয়েল হস্পিটেল এণ্ড ৰিচাৰ্ছ চেণ্টাৰ’। চিকিৎসালয়খনৰ স্বত্বাধিকাৰী দিল মহম্মদে আনুষ্ঠানিকভাৱে ৰঙা ফিটা আৰু কেন্দ্ৰটোৰ শুভ মুকলি কৰে।উক্ত গ্ৰেণ্ড অপেনিং অনুষ্ঠানত মাটিয়া থানাৰ আৰক্ষী বিষয়া, মাটিয়া চিকিৎসালয়ৰ অভিজ্ঞ চিকিৎসকসকলৰ উপৰিও গোৱালপাৰা আৰু গুৱাহাটীৰ কেইবাগৰাকীও বিশিষ্ট চিকিৎসক উপস্থিত থাকে। ইয়াৰ উপৰিও অনুষ্ঠানত স্বত্বাধিকাৰী দিল মহম্মদৰ লগতে এলেকাটোৰ বহুসংখ্যক আশা কৰ্মী আৰু স্থানীয় শুভাকাংক্ষী ৰাইজ উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে।উল্লেখ্য যে, মুকলিৰ প্ৰথম দিনটোতে চিকিৎসালয়খনৰ তৰফৰ পৰা ৰাইজৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হয়। প্ৰথম দিনাই বিনামূলীয়া চিকিৎসা গ্ৰহণৰ বাবে চিকিৎসালয় চৌহদত অগণন ৰোগীৰ ভিৰ পৰিলক্ষিত হয়।এতিয়াৰে পৰা মাটিয়া আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ ৰাইজে মামুন মেমৰিয়েল হস্পিটেল এণ্ড ৰিচাৰ্ছ চেণ্টাৰত অত্যন্ত কম খৰচতে অভিজ্ঞ চিকিৎসকৰ জৰিয়তে বিভিন্ন জটিল ৰোগৰ অস্ত্ৰোপচাৰ (অপাৰেচন) আৰু উন্নত চিকিৎসা সেৱা লাভ কৰিব পাৰিব। এই চিকিৎসা কেন্দ্ৰটো সপ্তাহৰ প্ৰতিটো দিনেই ২৪ ঘণ্টাই ৰাইজৰ সেৱাত নিয়োজিত থাকিব। জৰুৰীকালীন অৱস্থাৰ বাবে চিকিৎসালয়খনত ২৪ ঘণ্টাই এম্বুলেন্স সেৱাও উপলব্ধ থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register