হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু, নামচাং পুবেৰুন গাঁৱত শোকৰ ছাঁ
নাহৰকটীয়াত পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে। বনৰীয়া হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
জানিব পৰা মতে, নামচাং পুবেৰুন গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ মৃত্যু হোৱাত পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে শোকাকুল পৰিৱেশ।
ঘটনাটোৰ পিছতে স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ লগতে বনৰীয়া হাতীৰ বিচৰণস্থলীৰ কাষৰীয়া অঞ্চলত নিৰাপত্তা আৰু সজাগতা বৃদ্ধি কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।
