নগাঁৱৰ কঠীয়াতলীবাসীৰ প্ৰশংসনীয় পদক্ষেপ।শিৱসাগৰৰলৈ বৃহৎ বানসাহাৰ্য প্ৰদান। মানুহৰ বাবে মানুহে—-ড০-ড়ূপেন হাজৰিকাৰ গীত গাই শুভাৰম্ভণি কৰিলে নগাঁও জিলাৰ আয়ুক্তই
Anchor=নগাঁৱৰ কঠীয়াতলীবাসীৰ প্ৰশংসনীয় পদক্ষেপ।শিৱসাগৰৰলৈ বৃহৎ বানসাহাৰ্য লৈ শুক্ৰবাৰৰ নিশা যাত্ৰা আৰম্ভ কৰে।বৃহত্তৰ কঠীয়াতলীবাসীৰ এই মহৎ কামৰ যাত্ৰাৰ শুভাৰম্ভনি কৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা।উল্লেখ্য যে উজনিঅসমৰ চাৰিখন জিলাবাসীয়ে ভয়াবহ বানপানীৰ কবলত পৰি ককবকাই থকাৰ সময়তে সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ ৰাঙলু ;কন্দলী ; নিজ কঠীয়াতলী ;কঠীয়াতি ;ৰেংবং আদি অঞ্চলৰ ৰাইজ লগ হৈ বৃহৎ বানসাহাৰ্যৰে বানাক্ৰান্তু সকলক সহায়ৰ হাত আগবঢ়াইছে।কঠীয়াতলী বাসীৰ এই প্ৰসংশনীৰ কাৰ্যসূচীত অংশলৈছে পুৰুষ -মহিলা ;যুৱক -যুৱতী ;ছাত্ৰ-ছাত্ৰীয়ে।প্ৰায় এটা সপ্তাহ প্ৰস্তুতি চলোৱাৰ অন্তত শুক্ৰবাৰে নিশা বৃহৎ পৰিমানৰ শাক-পাচলী ;খাদ্য সামগ্ৰী ;পানী ;বস্ত্ৰ আদি লৈ প্ৰায় ৩০ জনীয়া এটা দলে শিৱসাগৰ -নাজিৰালৈ যাত্ৰা আৰম্ভ কৰে।এই কাৰ্যসূচীত নগাঁও জিলাৰ আয়ুক্ত দেৱশীৰ্ষ শৰ্মা উপস্থিত থাকি মানুহৰ বাবে মানুহে—-ড০-ড়ূপেন হাজৰিকাৰ গীত গাই শুভাৰম্ভণি কৰি কঠীয়াতলী বাসীৰ এই মহৎ কাৰ্যক প্ৰসংশা কৰে।
