কচুৱাত বনৰীয়া হাতীৰ উপদ্ৰৱ। কচুৱাৰ জুৰিৰপাৰত বনৰীয়া হাতীয়ে লণ্ড-ভণ্ড কৰিলে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ।

Oplus_16908288

কচুৱাত বনৰীয়া হাতীৰ উপদ্ৰৱ।

কচুৱাৰ জুৰিৰপাৰত বনৰীয়া হাতীয়ে লণ্ড-ভণ্ড কৰিলে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ।

নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত জুৰিৰপাৰ 5 নং ৱাৰ্ডত যোৱা নিশা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে গাঁৱখনৰ জামাল উদ্দিন,ৰমজান আলি আৰু নিৰলা খাতুনৰ বাসগৃহত উপদ্ৰৱ চলাই বাসগৃহ লণ্ড-ভণ্ড কৰাৰ লগতে ভৰালৰ ধান খাই তহিলং কৰে। ঘৰৰ বেৰ কাটি প্ৰাণ ৰক্ষা কৰে পৰিয়াল কেইটা।উল্লেখ্য যে বিগত কেইবামাহ ধৰি কচুৱাৰ জুৰিপাৰ এলেকাত বন্যহস্তীয়ে উপদ্ৰৱ চলাই অহাৰ বিষয়ে জানিব পৰা গৈছে। ইপিনে চৰকাৰক উপযুক্ত ক্ষতিপূৰণৰ আহ্বান জনায় দ্ৰৰিদ্ৰ পৰিয়াল কেইটা।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register