*নগাঁও বিশ্ববিদ্যালয়ত লেখক প্ৰেমেশ্বৰ ঠাকুৰীয়াৰ শিশু গ্ৰন্থ উন্মোচন*
– নগাঁও
বিশ্ববিদ্যালয়ৰ সভাকক্ষত ধিং জাগৰণ সাহিত্য গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত বিশিষ্ট লেখক প্ৰেমেশ্বৰ ঠাকুৰীয়া ৰচিত শিশু উপযোগী গ্ৰন্থ ‘গ্ৰীষ্ম বন্ধ আৰু এটি যাদুকৰী’ উন্মোচন কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাই।
গ্ৰন্থ উন্মোচন কৰি ড০ ডেকাই কয়, “কিতাপ এখনৰ জন্ম মানেই এটি নতুন সপোনৰ জন্ম। কিতাপ আমাৰ বিবেক আৰু আত্মা।” তেওঁ অসমীয়া শিশু সাহিত্য অধিক সমৃদ্ধ কৰাৰ আহ্বান জনায়।লেখক প্ৰেমেশ্বৰ ঠাকুৰীয়াই নতুন গ্ৰন্থখনেও পাঠকমহলৰ আন্তৰিক সঁহাৰি লাভ কৰিব বুলি আশা ব্যক্ত কৰে।অনুষ্ঠানত ধিং জাগৰণ সাহিত্য গোষ্ঠীৰ সভাপতি ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়া, সঞ্চালক দিপাংকৰ গিৰি দেৱ গোস্বামীকে ধৰি সাহিত্য, শিক্ষা আৰু সাংবাদিকতা জগতৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোৱে শিশু সাহিত্যৰ বিকাশ আৰু পঢ়াৰ সংস্কৃতি শক্তিশালী কৰাৰ ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনে।
