জুৱা খেলৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই ব’ল ব’ম স্থলীৰ মন্দিৰ সমিতিৰ প্ৰতিক্ৰিয়া

Oplus_16908288

*জুৱা খেলৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই ব’ল ব’ম স্থলীৰ মন্দিৰ সমিতিৰ প্ৰতিক্ৰিয়া*

*ব’লব’ম স্থানত নহয়, মামা বজাৰত চলে জুৱা খেল*

নগাঁৱৰ কঠীয়াতলী ৰেংবেংত শাওন মাহৰ দ্বিতীয়টো দেওবাৰে ব’ল ব’ম স্থলীত চলিছিল জুৱাৰ আড্ডা আৰু উদ্যম নৃত্য।

হয়, শাওন মাহৰ দ্বিতীয়টো দেওবাৰে ব’ল ব’ম স্থলীত জুৱাৰ আড্ডাৰ লগতে একাংশই উচ্চ স্বৰত ডি জে লগাই উদ্যম নৃত্যত মতলীয়া হোৱা বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই ব’ল ব’ম সমিতিৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মন্দিৰ সমিতিয়ে স্পষ্টকৈ কয় যে মন্দিৰৰ চৌপাশত কোনো জুৱা খেল হোৱা নাই। *কঠীয়াতলী উন্নয়ন খণ্ডৰ চৌহদত থকা মামা বজাৰত চলি আছে জুৱা খেল বুলি মন্তব্য কৰে*। আনহাতে মন্দিৰ চৌপাশে থকা দোকান সমূহত শাওন মাহত কোনো দোকানীয়ে মাছ-মাংসকে ধৰি কোনো ধৰণৰ নিচা জাতীয় সামগ্ৰী বিক্ৰী নকৰিবলৈ মন্দিৰৰ দেৱাল সমূহত স্পষ্ট ভাৱে উল্লেখ আছে বুলি মন্তব্য কৰে মন্দিৰ সমিতিয়ে। ইফালে উদ্যম নৃত্য আৰু জুৱা খেলাৰ লগত কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰে মন্দিৰ সমিতিয়ে। এইয়া এক দুস্কৃতিকাৰী ষড়যন্ত্ৰ বুলি প্ৰকাশ সমিতিৰ। আনহাতে জুৱা খেলকে ধৰি সমগ্ৰ বিষয়টো বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে যাতে হস্তক্ষেপ গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনায় মন্দিৰ সমিতিয়ে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register