কচুৱাত বনকৰ্মী আৰু যুৱকৰ মাজত প্ৰচণ্ড মাৰপিটত আহত বনকৰ্মী আৰু যুৱক।
প্ৰথমে তৰ্ক বিতৰ্ক তাৰ পিছত প্ৰচণ্ড মাৰপিট বনকৰ্মী আৰু যুৱকৰ মাজত।
নিশাই ন্যায় বিচাৰি কচুৱা আৰক্ষী থানাত গোচৰ ভুক্তভোগীৰ।
আহত দুয়োগৰাকী বৰ্তমান চিকিৎসাধীন।
নগাঁৱৰ কচুৱাৰ লুতুমাৰী সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ স্থলীৰ কাষদি যোৱা লুতুমাৰী লংজাপ সংযোগী মূল পথৰ কাষত ছাইফুল ইছলাম নামৰ খেৰনীৰ মাজগাওৰ যুৱকজনে নিজৰ স্কুটি ৰখাই ফোনত কথা পাতি থকা অৱস্থাত বিনা ইউনিফৰ্মত থকা এগৰাকী বনকৰ্মীয়ে অকথ্য ভাষাৰে গালি গালাজ পৰাত যুৱকজনৰ লগত সৃষ্টি হয় প্ৰচণ্ড তৰ্ক বিতৰ্কৰ লগতে মাৰপিটৰ ঘটনা। জানিব পৰা মতে তৰ্ক বিতৰ্ক চলি থকা অৱস্থাত ছাইফুল ইছলাম নামৰ যুৱকজনে বিনা ইউনিফৰ্মত থকা বনকৰ্মী জনক গাড়ীৰ চাবিৰে আক্ৰমণ কৰে, পিছত বন বিভাগৰ কেম্পলৈ নি যুৱকজনক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। আনকি ফৰেষ্ট কেম্পলৈ নি যুৱকজনৰ ওপৰত মদ ঢালি অতি নিৰ্মমভাবে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰে। বৰ্তমান উন্নত চিকিৎসাৰ বাবে যুৱকজনক নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ছাইফুল ইছলাম নামৰ যুৱকজনক উচ্ছেদ স্থলীৰ কাষৰ পথৰ পৰা বিনা ইউনিফৰ্মত থকা বন কৰ্মী জনে আতৰি যাবলৈ কোৱাত সৃষ্টি হৈছিল তৰ্ক বিতৰ্কৰ। কিন্তু যুৱকজনে বন কৰ্মী বুলি চিনি নোপোৱাত পিছলৈ মাৰপিটৰ দৰে ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে যুৱকজনে। যুৱকজনক মাৰপিট কৰাত যুৱকজনেও স্কুটিৰ চাবিৰে বনকৰ্মীক আঘাত কৰি যখম কৰে যদিও পিছলৈ বহুবাৰ ক্ষমা ভিক্ষা খোজাতো ক্ষান্ত নহল বন বিভাগৰ জোৱান সকলে। অৱশ্যে দুয়ো পক্ষই কচুৱা থানাত পৃথকে পৃথকে ৰুজু কৰিছে গোচৰ। ইফালে সাংবাদিকৰ কেমেৰাত মন্তব্য দিয়াৰ পৰা আতৰি থাকিল বনকৰ্মীসকল।এতিয়া সঠিক তদন্তৰ অন্তত পোহৰলৈ আহিব প্ৰকৃত ঘটনা।
