মহান বিজ্ঞানী ড° এ পি জে আব্দুল কালাম

উপগ্ৰহ উৎক্ষেপণ বাহন প্ৰযুক্তি, বেলিষ্টিক ক্ষেপণাস্ত্ৰ উন্নয়নেৰে ভাৰতবৰ্ষক উন্নয়নৰ এক নতুন শিখৰলৈ আগুৱাই নিয়াত অৰিহণা আগবঢ়াইছিল ‘মিছাইল মেন’ হিচাপে খ্যাত মহান বিজ্ঞানী ড° এ পি জে আব্দুল কালামদেৱে।

তেখেতৰ দূৰদৰ্শী নেতৃত্বত বিজ্ঞান-প্ৰযুক্তিৰ দিশত ভাৰতে এক অনন্য পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল। বিজ্ঞান ক্ষেত্ৰৰ লগতে দেশৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে তেখেতে দেশবাসীলৈ আগবঢ়োৱা অৱদান আছিল অনন্য। সকলোৰে প্ৰিয় ড° কালাম আছিল ‘জনগণৰ ৰাষ্ট্ৰপতি’, তেখেত আছিল দেশৰ কোটি কোটি যুৱক-যুৱতীৰ বাবে অনুপ্ৰেৰণাৰ উৎস। আজি এইগৰাকী মহান মানৱক পুণ্যতিথিত গভীৰ শ্রদ্ধাৰে সুঁৱৰিছোঁ।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register