মানৱ সেৱাই হৈছে সৰ্বশ্ৰেষ্ঠ ইবাদত।

**মানৱ সেৱাই হৈছে সৰ্বশ্ৰেষ্ঠ ইবাদত : শিৰসাগৰত ১০০ বিচনাযুক্ত দাতব্য হাস্পতাল স্থাপনৰ ইচ্ছা প্ৰকাশ বদৰুদ্দিন আজমলৰ**

মানৱ সেৱাক সৰ্বোচ্চ ইবাদত বুলি উল্লেখ কৰি ধুবুৰীৰ প্ৰাক্তন সাংসদ তথা সমাজসেৱী বদৰুদ্দিন আজমলে শিৰসাগৰ জিলাত এখন ১০০ বিচনাযুক্ত আধুনিক চেৰিটেবল (দাতব্য) হাস্পতাল স্থাপনৰ ইচ্ছা প্ৰকাশ কৰিছে।

তেওঁ জনোৱা অনুসৰি, যদি কোনো ব্যক্তি বা প্ৰতিষ্ঠানে শিৰসাগৰত উপযুক্ত মাটি দান কৰে, তেন্তে সেই স্থানত সম্পূৰ্ণ দাতব্য ভিত্তিত এখন উন্নত চিকিৎসা সুবিধাসম্পন্ন হাস্পতাল নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।

এই প্ৰস্তাৱ বাস্তৱায়িত হ’লে শিৰসাগৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ দৰিদ্ৰ, আৰ্থিকভাৱে দুৰ্বল আৰু চিকিৎসা সুবিধাৰ পৰা বঞ্চিত বহু লোকে কম খৰচত বা বিনামূলীয়াকৈ উন্নত স্বাস্থ্যসেৱা লাভ কৰাৰ সুযোগ পাব। লগতে অঞ্চলটোৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন, জৰুৰী চিকিৎসা সেৱা, মাতৃ-শিশু স্বাস্থ্যসেৱা আৰু বিভিন্ন বিশেষজ্ঞ চিকিৎসা সুবিধা অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা সৃষ্টি হ’ব।

এই ঘোষণাৰ পিছতেই সামাজিক, ৰাজনৈতিক আৰু সাধাৰণ জনতাৰ মাজত ব্যাপক আলোচনা আৰম্ভ হৈছে। বহুতে এই পদক্ষেপক মানৱকল্যাণমূলক আৰু সমাজৰ বাবে এক ইতিবাচক উদ্যোগ বুলি অভিহিত কৰিছে। অৱশ্যে হাস্পতাল নিৰ্মাণ সম্পৰ্কীয় এই প্ৰস্তাৱ কেতিয়া আৰু কেনেদৰে বাস্তৱায়িত হয়, সেয়া আগন্তুক সময়ত স্পষ্ট হ’ব।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register