## জুৰীয়াৰ গদাইমাৰী গাঁৱৰ কিডনি ৰোগীক চিকিৎসাৰ বাবে ১.৫ লাখ টকাৰ সাহায্য প্ৰদান বিধায়ক নুৰুল হুদাৰ
মানৱীয়তাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰি ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই জুৰীয়াৰ গদাইমাৰী গাঁৱৰ এজন কিডনি ৰোগীৰ চিকিৎসাৰ বাবে ১ লাখ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে।
বিধায়কগৰাকীয়ে ব্যক্তিগতভাৱে ৰোগীগৰাকীৰ হাতত ১.৫ লাখ টকাৰ চেক প্ৰদান কৰি উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ শুভেচ্ছা জনায়। দীৰ্ঘদিন ধৰি কিডনিজনিত জটিল ৰোগত আক্ৰান্ত ব্যক্তিগৰাকীৰ চিকিৎসাৰ ব্যয় বহন কৰাটো পৰিয়ালটোৰ বাবে অত্যন্ত কঠিন হৈ পৰিছিল।
এই আৰ্থিক সহায়ৰ জৰিয়তে ৰোগীগৰাকীৰ চিকিৎসা অব্যাহত ৰখাত কিছু সকাহ লাভ হ’ব বুলি পৰিয়ালৰ সদস্যসকলে আশা প্ৰকাশ কৰিছে। স্থানীয় ৰাইজেও বিধায়ক নুৰুল হুদাৰ এই মানৱীয় পদক্ষেপক আদৰণি জনাই কৃতজ্ঞতা প্ৰকাশ কৰে।
সমাজৰ দুৰ্দশাগ্ৰস্ত আৰু অসহায় লোকসকলৰ কাষত থিয় দিয়া এনে পদক্ষেপে মানৱসেৱাৰ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।
