আগন্তুক ৬ অক্টোবৰত পদুম ফুলৰ চিহ্নত ভোট দি দেৱাশীষ শৰ্মা জয়যুক্ত কৰাৰ সংকল্প লয়। আমি আশাবাদী যে এক ইতিবাচক ফলাফলত ৰূপহী সমষ্টিৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব।

 

আগন্তুক ৬ অক্টোবৰত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ ভোটদানৰ দিন। আজি ৰূপহী সমষ্টিৰ উপনিৰ্বাচনৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰা হয়।  বিধায়ক জিতু গোস্বামী কাৰ্যালয়ৰ উদ্বোধন কৰে। এই শুভক্ষণত আমাৰ দুই মণ্ডলৰ সভাপতি দিবাকৰ বৰা , ৰফিকুল ইছলাম ,জিলা বিজেপিৰ সম্পাদক তুমন সৰকাৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সম্পাদক আনোৱাৰ হুছেইন  আৰু জিলা আৰু মণ্ডলৰ বিষয়ববীয়া সকল, ২৬২ টা বুথৰ সভাপতি সম্পাদক সকল, শক্তিকেন্দ্ৰৰ প্ৰমুখসকল, মৰ্চাৰ সভাপতি সম্পাদক আৰু মৰ্চা সমিতিক প্ৰমুখ্য কৰি পঞ্চায়তৰ প্ৰতিনিধি সকল তাত উপস্থিত থাকে। আমাৰ প্ৰায় ৬০০ ৰো অধিক দলীয় কাৰ্যকৰ্তাৰ সভাখন অনুষ্ঠিত হয়, সুন্দৰভাৱে সমাপন হয়। আমাৰ কাৰ্যকৰ্তাসকলে আগন্তুক ৬ অক্টোবৰত পদুম ফুলৰ চিহ্নত ভোট দি দেৱাশীষ শৰ্মা জয়যুক্ত কৰাৰ সংকল্প লয়। আমি আশাবাদী যে এক ইতিবাচক ফলাফলত ৰূপহী সমষ্টিৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব।

Leave a Reply

BP NEWS Live
Logo Friday, 9 October 2026
Login / Register