“পানীত নামিলে বিধায়কৰ বগা কুৰ্তাত দাগ লাগিব” শীৰ্ষক বিতৰ্ক আৰু আঁৰৰ কাহিনী। সামাজিক মাধ্যমত তীব্ৰ ক্ৰিয়া – প্ৰতিক্ৰিয়া।

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ বিধায়ক নুৰুল ইছলামে ২৬/০৭/২০২৬ ইং তাৰিখে জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াক লগত লৈ আই নদীৰ খহনীয়াই অঞ্চল পৰিদৰ্শন কৰে। আই নদীৰ খহনীয়াই টেন্টনপুৰত বিধ্বংসী ৰূপলৈ মাত্ৰ ১০ দিনত ২৬ টা কৈ পৰিয়াল গৃহহীন কৰাৰ লগতে শ শ বিঘা কৃষিভূমি নদীৰ বুকুত বিলীন হৈ যায়। বিধায়ক আৰু জিলা আয়ুক্তই খহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ লগতে শিৱিৰত থকা লোকৰ লগত মত বিনিময় কৰি যাৱতীয় ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে। একে দিনাই দলাগাছা-ঘোৰামাৰা, ডুৱাচুৰী, ভৰালীপাৰা, সন্তোসপুৰ আদি অঞ্চলৰ গৰাখহনীয়া খহনীয়া ঠাই পৰিদৰ্শন কৰে। আই নদীৰ খহনীয়াৰ কৱলত পৰি শশ লোকে গৃহহীন হোৱাৰ লগতে হেজাৰ হেজাৰ বিঘা কৃষিভূমি নদীৰ বুকুত জাহ গৈছে। মানচিত্ৰৰ পৰা নোহোৱা হৈছে কেইবা খনো ৰাজহ গাওঁ। যাৰ বাবে স্থানীয় বিধায়ক নুৰুল ইছলামে জিলা আয়ুক্তৰ লগতে বিভিন্ন পৰ্যায়ৰ বিষয়া সকলোক লগত লৈ উক্ত স্থান পৰিদৰ্শন কৰে। জিলা আয়ুক্তই শীঘ্ৰে অস্হায়ীভাৱে কাম আৰম্ভ কৰিব বুলি জিলা আয়ুক্তই কয় যদিও স্হায়ী খহনীয়া প্ৰতিৰোধৰ পুঁজি বিভাগীয় মন্ত্ৰীয়ে শীঘ্ৰে মুকলি কৰি দিব বুলি বিধায়কজনে কয়। সেই খহনীয়া স্থান পৰিদৰ্শন কৰিবলৈ যাওঁতে মাজতে এটা সৰু হ্ৰদৰ দৰে আছিল, য’ত একাঠু লৈকে পানী আছিল। সেই হ্ৰদ টো বিধায়ক আৰু জিলা আয়ুক্তই এটা কল গছৰ ভেলাৰে পাৰ হৈ যায়। কাৰণ দিনটোত কেইবাটাও ঠাই পৰিদৰ্শন কৰিবলৈ বাকী আছিল আৰু সেই টেন্টপুৰেই আছিল প্ৰথম পৰিদৰ্শন। প্ৰথম পৰিদৰ্শনতেই কাপোৰ কানি তিতিলে ওৰে দিনটো তিতা কাপোৰেৰে থাকিব লাগিব বুলি বিধায়ক জনে ভেলাৰে পাৰ হয় আৰু তাকে দেখি একাংশই বিধায়ক জনক কটু সমালোচনা কৰে। জানিব পৰা মতে বিধায়ক আৰুউপায়ুক্ত গৰাকীয়ে কেইবাটাও ঠাই পৰিদৰ্শন কৰিবলৈ আৰু বাকী আছিল, সেইবাবে ভেলাৰে পাৰ হয়। কিন্তু একাংশই বিধায়কক বিভিন্ন ধৰণে সমালোচনা কৰা পৰিলক্ষিত হয়। অৱশ্যে এই ক্ষেত্ৰত বিধায়ক নুৰুল ইছলামে নিজাকৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register