দক্ষিণ বৰপেটা ছাত্ৰ সন্থাই আজি এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। চেঙাৰ বিধায়ক আব্দুৰ ৰহিম হায় হায়, দক্ষিণ বৰপেটা ছাত্ৰ সন্থা জিন্দাবাদ, চেঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় দক্ষিণ পাৰত লাগিবই, আমাৰ দাবী ন্যায্য দাবী আদি ধ্বনিৰে উত্তাল কৰে প্ৰতিবাদ কৰে। চেঙা ৰাজহ চক্ৰ কাৰ্যালয় স্থাপনৰ স্থান পুনৰ বিবেচনা কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে। চেঙা সমষ্টিৰ ৯ খন গাওঁ পঞ্চায়তৰ লাখ লাখ জনতাক সংকাত ৰাখিব খোজা এনেকুৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দক্ষিণ বৰপেটা ছাত্ৰ সন্থাৰ কৰ্মীসকলে।চেঙা চক্ৰ বিষয়াৰ কাৰ্যালয়খন স্থাপনৰ তালিকাত দক্ষিণ পাৰত হোৱাকৈ তালিকা প্ৰকাশ পাইছিল,
কিন্তু কি কাৰণত বৰপেটা জিলাৰ সীমামূৰীয়া স্থান অৰ্থাৎ চেঙা সমষ্টিৰ একেবাৰে পূৱ সীমাত কুকাৰ পাৰত স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই ক্ষেত্ৰত চেঙাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে চৰ অঞ্চলৰ ৯ খন গাওঁ পঞ্চায়তৰ লোকৰ হ’বলগীয়া সমস্যাৰ প্ৰতি লক্ষ্য কৰি কি ভূমিকা লোৱা উচিত আছিল? দক্ষিণ বৰপেটাৰ চৰ অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে এশ একুৰি সমস্যাৰে জৰ্জৰিত হোৱাৰ মাজতে আন এক উল্লেখযোগ্য সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব যদি চক্ৰ বিষয়াৰ কাৰ্যালয় কুকাৰ পাৰৰ স্থান বাহাল থাকে। চক্ৰ বিষয়াৰ কাৰ্যালয়ত কোনো কামৰ বাবে মৰণক শৰণ দি ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যোৱাত পৰ্বত সম প্ৰাচীৰ সমস্যা হ’ব। সামান্য কামৰ কাৰণে হাহাকাৰ কৰি হাজাৰ হাজাৰ টকা ব্যয় সাপেক্ষে নিন্মতম দুদিনৰ সময় লৈ প্ৰস্তুত হ’বলগীয়া হ’ব। গতিকে ছাত্ৰ সন্থাৰ দাবী বিভাগীয় কৰ্তৃপক্ষ ও স্থানীয় বিধায়কৰ ওচৰত যাতে চৰ অঞ্চলৰ লক্ষাধিক ৰাইজৰ মূৰত কষ্টৰ বুঝা চপাই নিদিয়ে তাৰ বাবে দাবী জনাইছে সচেতন মহলে। চেঙাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়খন যাতে দক্ষিণ বৰপেটাৰ দক্ষিণ পাৰত স্থাপন কৰি সুবিধা কৰি দিয়ে তাৰ বাবে কাতৰ আহ্বান জনায়।
