লখিমপুৰৰ বগীনদী গোৰ্খা ভৱন পৰিচালনা সমিতি গঠন

লখিমপুৰ জিলাৰ গোৰ্খা জনগোষ্ঠীৰ সকলৰ বাবে সভা সমিতি ধৰি অন্য অনুষ্ঠান আয়োজন কৰিবলৈ নিৰ্মিত হোৱা বগীনদীৰ গোৰ্খা ভৱন পৰিচালনাৰ বাবে পৰিচালনা সমিতি গঠন কৰা হয়। ভাৰতীয় গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ সভাপতিত্বত, গোৰ্খা ভৱনত আজি অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত এই সমিতিখন গঠন কৰা হয়। গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা পৱন শৰ্মাই আঁত ধৰা ৰাজহুৱা সভাত বিপ্লৱ ছেত্ৰীক সভাপতি আৰু অৰুণ উপাধ্যায়ক সম্পাদক হিচাপে লৈ গোৰ্খা ভৱন পৰিচালনা সমিতি গঠন কৰা হয়। এই সভাত গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ নেতৃবৰ্গৰ লগতে বগীনদী আৰু তাৰিয়ণী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ নেতা কৰ্মী সকলো উপস্থিত থাকে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register