উন্নত চিকিৎসাৰ অভাৱত আজিও এগৰাকী অসহায় ব্যক্তিয়ে মৃত্যুৰ সৈতে যুঁজি আছে। এই হৃদয়বিদাৰক ঘটনাটো কমলপুৰ সমষ্টিৰ খেহিনীপাৰাৰ।

কেতিয়াবা দৰিদ্ৰতাই কেৱল সপোনেই নহয়, জীৱনটোও কাঢ়ি ল’ব বিচাৰে। উন্নত চিকিৎসাৰ অভাৱত আজিও এগৰাকী অসহায় ব্যক্তিয়ে মৃত্যুৰ সৈতে যুঁজি আছে। এই হৃদয়বিদাৰক ঘটনাটো কমলপুৰ সমষ্টিৰ খেহিনীপাৰাৰ।

কমলপুৰ সমষ্টিৰ খেহিনীপাৰা গাঁৱৰ বাসিন্দা সুভল দাস। এসময়ত পৰিয়ালৰ ভৰসা হৈ জীৱন নিৰ্বাহ কৰা এই ব্যক্তি আজি নিজেই বিছনাত অসহায় হৈ পৰি আছে।
পৰিয়ালৰ ভাষ্য অনুসৰি, কেইমাহমান পূৰ্বে হঠাতে শাৰীৰিক অৱস্থা বেয়া হোৱাত চিকিৎসালয়লৈ নিয়া হৈছিল তেওঁক। চিকিৎসকৰ পৰীক্ষাত জানিব পৰা যায় যে তেওঁৰ কিডনী, হাওঁফাওঁ, লিভাৰকে ধৰি একাধিক গুৰুত্বপূৰ্ণ অংগ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে।
কিন্তু দৰিদ্ৰ পৰিয়ালটোৰ হাতত চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন নাছিল। ফলস্বৰূপে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ’ল সুভল দাস।
বৰ্তমান তেওঁ বিছনাত শুই জীৱন-মৃত্যুৰ সৈতে যুঁজ দিছে। পৰিয়ালৰ ভাষ্য অনুসৰি, তেওঁ প্ৰায় কেৱল পানীৰ ওপৰত নিৰ্ভৰ কৰিয়েই দিন কটাবলগীয়া হৈছে।
এফালে স্বামীৰ চিকিৎসাৰ চিন্তা, আনফালে সংসাৰ চলোৱাৰ সংগ্ৰাম—এই দুয়োটা বোজা কান্ধত লৈ ভাঙি পৰিছে পত্নী। চকুত মাথোঁ এটাই আশা—যদি সময়মতে সহায় মিলে, তেন্তে হয়তো পুনৰ সুস্থ হৈ উঠিব পাৰে সুভল দাস।
ইতিমধ্যে স্থানীয় ৰাইজেও চৰকাৰ, সমাজসেৱী সংগঠন আৰু হৃদয়বান ব্যক্তিসকলৰ ওচৰত সহায়ৰ আবেদন জনাইছে। সময়মতে সহায়ৰ হাত আগবাঢ়িলে হয়তো এই অসহায় পৰিয়ালটোৰ জীৱনত আকৌ আশাৰ পোহৰ আহিব।

One thought on “উন্নত চিকিৎসাৰ অভাৱত আজিও এগৰাকী অসহায় ব্যক্তিয়ে মৃত্যুৰ সৈতে যুঁজি আছে। এই হৃদয়বিদাৰক ঘটনাটো কমলপুৰ সমষ্টিৰ খেহিনীপাৰাৰ।”

Leave a Reply

BP NEWS Live
Logo Tuesday, 29 September 2026
Login / Register