শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ কাষত শিক্ষিত যুৱক ফাৰিছ আহমেদ

শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ কাষত শিক্ষিত যুৱক ফাৰিছ আহমেদ
শিৱসাগৰ জিলাৰ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত অসংখ্য পৰিয়ালৰ কাষত থিয় দিয়ে শিক্ষিত যুৱক ফাৰিছ আহমেদে। মানৱীয় দায়বদ্ধতাৰ পৰিচয় দি তেওঁ বানাক্ৰান্ত লোকসকলৰ মাজত কিছু পৰিমাণে খাদ্য সামগ্ৰী আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে।
এই উপলক্ষে ফাৰিছ আহমেদে কয় যে, দুৰ্যোগৰ সময়ত সমাজৰ প্ৰতিজন সচেতন নাগৰিকে সাধ্যানুসৰি সহায়ৰ হাত আগবঢ়োৱা উচিত। তেওঁ সমাজৰ বিত্তৱান ব্যক্তি, বিভিন্ন সংগঠন আৰু সচেতন নাগৰিকসকলক বানপীড়িত লোকসকলৰ কাষত থিয় দিবলৈ আহ্বান জনায়।
স্থানীয় ৰাইজে এই মানৱীয় পদক্ষেপক আদৰণি জনাই ফাৰিছ আহমেদৰ প্ৰশংসা কৰে আৰু এনে সামাজিক সেৱামূলক কাৰ্যই আনকো সহায়ৰ বাবে অনুপ্ৰাণিত কৰিব বুলি মত প্ৰকাশ কৰে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register