ৰত্নপীঠ মহাবিদ্যালয়ত আমছুৰ নতুন শাখা সমিতি গঠন!

ৰত্নপীঠ মহাবিদ্যালয়ত আমছুৰ নতুন শাখা সমিতি গঠন

চাপৰ, : আজি ইং 10/09/2026 বিলাসীপাৰা জিলা আমছুৰ সহযোগত চাপৰস্থিত মহামায়া হোটেলত কনফাৰেন্স হলত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভাৰ জৰিয়তে ৰত্নপীঠ মহাবিদ্যালয়ৰ আমছু (AAMSU) ইউিনট (UNIT) গঠন কৰা হয়।

মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলৰ শৈক্ষিক আৰু বিভিন্ন মৌলিক সমস্যাসমূহ সমাধানৰ লক্ষ্যৰে এই নতুন শাখা সমিতিখন গঠন কৰা হৈছে। এই উপলক্ষে অনুষ্ঠিত সাধাৰণ সভাখনত বিলাসীপাৰা জিলা আমছুৰ সভাপতি আৰু সাধাৰণ সম্পাদককে ধৰি জিলা সমিতিৰ শীর্ষ নেতৃত্ব উপস্থিত থাকে।

সভাত উপস্থিত থকা জিলা নেতৃত্বই শিক্ষাৰ সু-পৰিবেশ ৰক্ষা কৰা, ছাত্র-ছাত্ৰীৰ ন্যায়সংগত অধিকাৰ সুনিশ্চিত কৰা আৰু সমাজ গঠনত ছাত্রসমাজৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে। নবগঠিত মহাবিদ্যালয় ইউিনটটোৱে আগন্তুক দিনবোৰত ৰত্নপীঠ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ প্ৰতিটো সমস্যাৰ সমাধানৰ বাবে সক্ৰিয়ভাৱে কাম কৰি যাব বুলি জিলা সমিতিয়ে আশা প্ৰকাশ কৰে।

Leave a Reply

BP NEWS Live
Logo Friday, 11 September 2026
Login / Register