বঙাইগাঁৱৰ ঘাকপাৰাত নিশা পথ দুৰ্ঘটনা: উত্তেজিত ৰাইজে আটক কৰিলে বিলাসী বাহনসহ ৩ আৰোহীক
বঙাইগাঁও: বঙাইগাঁও জিলাৰ ঘাকপাৰাত নিশা এক চাঞ্চল্য্যকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাক কেন্দ্ৰ কৰি তীব্র উত্তেজনাৰ সৃষ্টি হয়।
প্ৰাপ্ত খবৰ মতে, নিশা অতি তীব্র গতিত অহা AS 01FG 4548 নম্বৰৰ এখন বিলাসী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা গৈ কাষৰ পথাৰত বাগৰি পৰে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ উপৰি বাহনখনক খেদি অহা কেইবাজনো যুৱক ঘটনাস্থলীত উপস্থিত হয়।
উত্তেজিত ৰাইজে দুৰ্ঘটনাগ্ৰস্ত বিলাসী বাহনখনৰ পৰা দুগৰাকী মহিলা আৰু এজন পুৰুষক আটক কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত ৰাইজে আটাইকেইজনকে স্থানীয় আৰক্ষীক গতাই দিয়ে।
ইপিনে, ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰাৰ সমান্তৰালকৈ এই ঘটনাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহবশতঃ ধনতোলা বজাৰৰ পৰা AS 18 H 3070 নম্বৰৰ আন এখন বাহনো জব্দ কৰে।
নিশাৰ এই সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য অব্যাহত আছে। ঘটনাটো কি পৰিস্থিতিত সংঘটিত হ’ল আৰু আটক কৰা লোকসকলৰ প্ৰকৃত পৰিচয় কি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
