দিশে গৈছে যুৱ সমাজ? ডিব্ৰুগড়ৰ নালিয়াপুলত যুৱকৰ উদ্ভণ্ডালি..

ডিব্ৰুগড়ৰ নালিয়াপুলত নিশা যুৱকৰ উদ্ভণ্ডালি, সৃষ্টি উত্তেজনাময় পৰিস্থিতিৰ

ডিব্ৰুগড়ৰ নালিয়াপুলত নিশা একাংশ যুৱকৰ উদ্ভণ্ডালিক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিশাৰ সময়ত ৰাজপথত একাংশ যুৱকৰ আচৰণক লৈ স্থানীয় লোকৰ মাজত উদ্বেগৰ সৃষ্টি হোৱা দেখা যায়।

ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতিও পৰিলক্ষিত হয়। নিশাৰ ৰাজপথত এনেধৰণৰ উদ্ভণ্ডালি আৰু অসামাজিক আচৰণে যুৱ সমাজ কোন দিশে আগবাঢ়িছে তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে।

স্থানীয় ৰাইজে নিশাৰ সময়ত এনে ঘটনা ৰোধ কৰাৰ লগতে যুৱ সমাজক নিয়মানুৱৰ্তিতা আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি সজাগ কৰাৰ বাবে প্ৰশাসনৰ অধিক তৎপৰতাৰ দাবী জনাইছে।

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register