নিৰ্মাণকাৰ্যত সুৰক্ষাৰ ব্যৱস্থা নথকাৰ অভিযোগ, ঠিকাদাৰ-কৰ্মচাৰীৰ গাফিলতিক লৈ ক্ষোভমাহমৰাত সংঘটিত হৈছে এক অঘটন। জাপিধৰাত কালভাৰ্ট নিৰ্মাণৰ বাবে খন্দা গাঁতত সোমাই পৰিল এখন চাৰিচকীয়া বাহন। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।জানিব পৰা মতে, ভজো–মৰাণ সংযোগী পথৰ নিৰ্মাণকাৰ্যৰ অংশ হিচাপে জাপিধৰাত কালভাৰ্ট নিৰ্মাণৰ বাবে পথৰ কাষত গাঁত খন্দা হৈছিল। কিন্তু নিৰ্মাণস্থলীত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা, সংকেত বা বেৰিকেডৰ ব্যৱস্থা নকৰাৰ ফলতেই এই অঘটন সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে।স্থানীয় ৰাইজে অভিযোগ কৰে যে নিৰ্মাণকাৰ্য চলি থকাৰ সময়ত পথচাৰী আৰু যান-বাহনৰ সুৰক্ষাৰ প্ৰতি ঠিকাদাৰ তথা সংশ্লিষ্ট কৰ্মচাৰীয়ে পৰ্যাপ্ত গুৰুত্ব দিয়া নাই। ফলত নিশাৰ সময়ত এনে গাঁতসমূহ অধিক বিপজ্জনক হৈ পৰিছে।ঘটনাটোক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। নিৰ্মাণস্থলীত সতৰ্কতামূলক ফলক, বেৰিকেড আৰু পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰি পথচাৰী আৰু যান-বাহনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনাইছে ৰাইজে।
মাহমৰাত অঘটন! কালভাৰ্টৰ বাবে খন্দা গাঁতত সোমাল চাৰিচকীয়া বাহন!
