নগঞা ৰাইজলৈ আহ্বান পৰম শ্ৰদ্ধাৰ ৰাইজ,উজনি অসমত হোৱা জনপ্ৰলয়সদৃশ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বানপিড়ীত লোক সকলক সহায়ৰ হাত

Oplus_16908288

নগঞা ৰাইজলৈ আহ্বান পৰম শ্ৰদ্ধাৰ ৰাইজ,উজনি অসমত হোৱা জনপ্ৰলয়সদৃশ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বানপিড়ীত লোক সকলক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যেৰে সামাজিক মাধ্যমৰ জৰিয়তে জনোৱা আহ্বানৰ প্ৰতি আপোনালোকে আগবঢ়োৱা বিপুল সঁহাৰিৰ বাবে সকলোকে পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে দেওবাৰে পুৱা বানপিড়ীত ৰাইজৰ বাবে সংগ্ৰহ কৰা সামগ্ৰী সমূহ উজনি অসমলৈ প্ৰেৰণ কৰা হ’ব।সেয়ে যি সকল সদাশয় ব্যক্তি তথা অনুষ্ঠান, প্ৰতিষ্ঠানে বানপিড়ীত ৰাইজৰ বাবে বান সাহাৰ্য দিম বুলি ঠিৰাং কৰি থৈছে কিন্তু দিয়া হোৱা নাই, তেওঁলোকক অহাকালি নিশা আঠ বজাৰ পূৰ্বে সামগ্ৰী সমূহ জমা দিবলৈ আহ্বান জনালো।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register