ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ L.N.B. লাইব্ৰেৰীলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে অৱসৰপ্ৰাপ্ত Deputy Director গুৰুনাম সিং ‘দীপক’ক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
গুৰুনাম সিং ‘দীপক’ ডিব্ৰুগড়ৰ Directorate of Economics and Statisticsৰ অৱসৰপ্ৰাপ্ত Deputy Director। গণিত বিষয়ত M.Sc. ডিগ্ৰীধাৰী সিংহে বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীলৈ ১৪খন শিক্ষামূলক আৰু তথ্যসমৃদ্ধ Scrapbook দান কৰে।
এই Scrapbookসমূহত গণিত, সাধাৰণ জ্ঞান, ক্ৰীড়া, প্ৰকৃতি, খাদ্য, গুৰুত্বপূৰ্ণ দিন-তাৰিখ আৰু অসমীয়া সংস্কৃতিকে ধৰি বিভিন্ন বিষয় সামৰি লোৱা হৈছে।
তেওঁৰ এই অৱদানৰ স্বীকৃতি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকাই গুৰুনাম সিং ‘দীপক’ক সম্বৰ্ধনা জনায়।
ইফালে, বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড০ নিতুমিকা গগৈয়ে এই মূল্যৱান সংযোজনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে এই Scrapbookসমূহ ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু গ্ৰন্থাগাৰৰ অন্যান্য ব্যৱহাৰকাৰীৰ বাবেও যথেষ্ট উপযোগী হ’ব।
