ডিব্ৰুগড়ৰ AMCHত চাইবাৰ কেলেংকাৰীৰ অভিযোগ!

ভুৱা প্ৰফাইল খুলি চিকিৎসকৰ নামত অনলাইন এডভান্স ধন সংগ্ৰহৰ অভিযোগ

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত (AMCH) জ্যেষ্ঠ চিকিৎসকৰ নাম ব্যৱহাৰ কৰি ভুৱা প্ৰফাইলৰ জৰিয়তে চাইবাৰ প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি, চিকিৎসক ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱাৰ নামত ভুৱা প্ৰফাইল সৃষ্টি কৰি ৰোগীৰ পৰা অনলাইন এডভান্স এপইণ্টমেণ্টৰ নামত ধন সংগ্ৰহ কৰা হৈছিল।

ঘটনাটো পোহৰলৈ আহে যেতিয়া একাংশ ৰোগী এডভান্স বুকিং লৈ AMCHত উপস্থিত হয়। কিন্তু পৰৱৰ্তী সময়ত জানিব পৰা যায় যে সংশ্লিষ্ট চিকিৎসকৰ তেনে কোনো এপইণ্টমেণ্ট বুকিং কৰা হোৱা নাছিল।

ঘটনাৰ পিছতে চিকিৎসকৰ দলটোৱে বৰবাৰী আৰক্ষী থানাত এখন অভিযোগ দাখিল কৰে। ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ভুৱা প্ৰফাইলটোৰ আঁৰত কোন জড়িত, সেই সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে।

Leave a Reply

BP NEWS Live
Logo Tuesday, 29 September 2026
Login / Register