শিৱসাগৰ, ৩ আগষ্টঃ শিৱসাগৰ জিলাৰ বিহুবৰ, নেপালীখুঁটি আৰু সুন্দৰপুখুৰী আদি বানবিধ্বস্ত অঞ্চল আজি পৰিদৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বানৰ ভয়াবহতাৰ বাবে পথ-যোগাযোগ ব্যাহত হোৱাত মুখ্যমন্ত্ৰীয়ে ট্ৰেক্টৰত উঠি নেপালীখুঁটিৰ বিধ্বস্ত অঞ্চলত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লয়।
পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহ শুনে। লগতে চলি থকা সাহায্য আৰু পুনৰস্থাপনমূলক ব্যৱস্থাৰ অগ্ৰগতিৰ বিষয়েও সংশ্লিষ্ট বিষয়াসকলৰ পৰা বুজ লয়।
এই কাৰ্যসূচী মন্ত্ৰী পীয়ুষ হাজৰিকা, শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা, মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ময়ুৰ বৰগোহাঁই আৰু বিধায়ক তৰংগ গগৈ উপস্থিত থাকে।
মুখ্যমন্ত্ৰীৰ উল্লেখযোগ্য মন্তব্যসমূহঃ
“টেলিভিছনত দেখাতকৈ শিৱসাগৰ-চৰাইদেউৰ বান পৰিস্থিতি বহু গুণ ভয়াৱহ।”
“কেৱল বানসাহায্যই যথেষ্ট নহয়; ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পুনৰ গঢ়ি তুলিবলৈ দীৰ্ঘম্যাদী পদক্ষেপ ল’ব লাগিব।”
“বিহুবৰ, নেপালীখুঁটি, বেতবাৰী আৰু নিমাইজানৰ দৰে ক্ষতিগ্ৰস্ত গাঁওসমূহ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।”
“সংকটৰ এই সময়ত ৰাজ্য চৰকাৰ বানাক্ৰান্ত প্ৰতিগৰাকী লোকৰ কাষত দৃঢ়ভাৱে থিয় দি আছে। সৰ্বহাৰা ৰাইজক সহায় কৰিবলৈ চৰকাৰে সকলোধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।”
মুখ্যমন্ত্ৰীয়ে নেপালীখুঁটিৰ বানৰ ভয়াবহ ক্ষয়-ক্ষতি স্বচক্ষে প্ৰত্যক্ষ কৰি ক্ষতিগ্ৰস্ত লোকসকলক স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ বাবে চৰকাৰে পুনৰসংস্থাপন, গৃহ নিৰ্মাণ আৰু অন্যান্য প্ৰয়োজনীয় সহায় অব্যাহত ৰাখিব বুলি আশ্বাস দিয়ে।
