অসম বিধানসভাত গুঞ্জৰিল Zomato, Swiggy, Instamart ডেলিভাৰী পাৰ্টনাৰসকলৰ সমস্যা

গুৱাহাটী, ২৫ জুলাই: অসমৰ বিধানসভাৰ মজিয়াত প্ৰথমবাৰৰ বাবে Zomato, Swiggy, Instamart আৰু অন্যান্য অনলাইন ডেলিভাৰী প্লেটফৰ্মত কৰ্মৰত গিগ কৰ্মী তথা ডেলিভাৰী পাৰ্টনাৰসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু ন্যায্য দাবী উত্থাপন কৰা হয়।

যুৱ বিধায়ক জুৱেৰ আলমে বিধানসভাত এই বিষয়টো উত্থাপন কৰি ডেলিভাৰী পাৰ্টনাৰসকলৰ ন্যায্য পাৰিশ্ৰমিক, সামাজিক সুৰক্ষা, দুৰ্ঘটনা বীমা, চিকিৎসা সুবিধা, কৰ্মঘণ্টাৰ চাপ আৰু কৰ্মক্ষেত্ৰৰ সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বিভিন্ন অনলাইন ডেলিভাৰী প্লেটফৰ্মত কৰ্মৰত হাজাৰ হাজাৰ কৰ্মীয়ে উপযুক্ত আয়, সুৰক্ষা আৰু কল্যাণমূলক সুবিধাৰ দাবী উত্থাপন কৰি আহিছে। বিধানসভাত এই বিষয়টো উত্থাপিত হোৱাৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ডেলিভাৰী পাৰ্টনাৰসকলে ইয়াক ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰিছে।

ডেলিভাৰী কৰ্মীসকলৰ মতে, বিধানসভাত তেওঁলোকৰ সমস্যাৰ বিষয়ে আলোচনা হোৱাটো এক আশাব্যঞ্জক পদক্ষেপ। এতিয়া তেওঁলোকে আশা কৰিছে যে চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি গিগ কৰ্মীসকলৰ অধিকাৰ, সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register