গুৱাহাটী, অসমৰ গৌৰৱ, তথা ‘স্বৰ্ণ কন্যা’ বক্সাৰ লাভলীনা বৰগোহাঁইক গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে উষ্ম সম্বৰ্ধনা জনোৱা হয়। ক্ৰীড়া ক্ষেত্ৰত তেওঁৰ উৎকৃষ্ট সাফল্য আৰু দেশ তথা ৰাজ্যলৈ অনা গৌৰৱৰ স্বীকৃতিস্বৰূপে এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়।
উক্ত সম্বৰ্ধনা অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিত দৈমাৰী, ক্ৰীড়া প্ৰাধিকৰণৰ বিষয়ববীয়া আৰু ৰাজ্যৰ বিশিষ্ট ব্যৱক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত লাভলীনাক ফুলাম গামোচা, জাপি আৰু উপহাৰেৰে বিশেষভাৱে সন্মানিত কৰা হয়।
সম্বৰ্ধনা গ্ৰহণ কৰি লাভলীনা বৰগোহাঁয়ে অসমবাসীৰ মৰম আৰু আশীৰ্বাদৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰে।
